Monday, August 19, 2013

ছাই (Ash)

যোআনিশা মোৰ ভাখেৰি ঘৰটো
জ্বলি পুৰি ছাই হ'ল 

তোৰ প্রেমে হালধীয়া কৰি তোলা এমুথি খেৰ
আৰু মোৰ যাতনাৰ কাইটীয়া বাহেৰে
সাজিছিলো সেই ঘৰ

নিৰাশাৰ বেৰ সাজি আবুৰ কৰিছিলো সীমাহীন আশা
সপোনবোৰেৰে ঘহি মাজি নিমজ কৰিছিলো তাৰ মজিয়া

এতিয়া আশাবোৰ মোৰ আঙঠা হৈ পৰি আছে তাত
ধোআ হৈ উৰি আছে সপোনবোৰ

যোআনিশা জ্বলি পুৰি ছাই হ'ল
মোৰ স্ম্রিতিৰ সেউজীয়া ভাখেৰি ঘৰ


(Part translation)

My tiny storehouse
My lovely storehouse burnt to ashes last night.

I built that house
with the straws that turned yellow with your love
and the bamboo sticks that turned thorny with my pains

The walls were built with all my despair
and hid endless hopes
The floor was mopped over and over again
with all my dreams

Now my hopes lay there as ash
And my dreams fly as smoke

That storehouse of my memory
burnt to ashes last night!

Monday, August 5, 2013

The midnight tears

originally written in Assamese as follows:

মাজনিশা চকুলু নুটুকিবি অ' বলিয়া নৈ
মই জানো, ভটিয়াব নোবাৰ বাবে তোৰ ইমান দূঃখ
আইৰ অসুখৰ সময়তে তোৰ বুকুয়েদি তেজ নিগৰিছিল
আইৰ চকুহাল তেতিযাৰেপৰা ৰঙা

চকুলুবোৰ সাঁচি থ হেৰ ৰূপহী নৈ
খৰালি তোৰ বুকু শুকালে
সিবোৰে আমাক আইৰ বতৰা দিব

Tried the English translation, however i'm never satisfied by my own translation:

Don't shred the midnight tears o' crazy river!
I know you're sad 'cause you cannot swim back.
Remember, you carried blood when mother was ill
Our mother's eyes have become red since!

Preserve those tears o' beautiful river!
As the winters come, as your heart becomes dry
Those tears will tell the story of our mother!